26
Jul
2017

নগাঁওঃ পুনৰ বিতৰ্কত অসম সাহিত্য সভা। এইবাৰ হিতৈষী সভ্যৰ স্বীকৃতি পত্ৰক লৈ বিতৰ্কত সোমাই পৰিছে সাহিত্য সভা৷
তাৰিখ বিভ্ৰান্তিৰে হিতৈষী সভ্যৰ স্বীকৃতি পত্ৰ প্ৰদান কৰে নগাঁৱৰ এগৰাকী সাহিত্য অনুৰাগীক। নগাঁৱৰ পানীগাঁৱৰ শংকৰ মিশ্যন পথৰ জিনা বৰুৱা শইকীয়া নামৰ মহিলাগৰাকীক মঙলবাৰে প্ৰদান কৰে এই স্বীকৃতি পত্ৰ।
সভাপতি ধ্ৰুৱজ্যোতি বৰা আৰু প্ৰধান সম্পাদক পৰমানন্দ ৰাজবংশীয়ে স্বাক্ষৰ কৰা এই স্বীকৃতি পত্ৰ মতে দ্বিতীয় পূৰ্ণাংগ অধিৱেশন ইতিমধ্যে ৩০ জুলাইত অনুষ্ঠিত হৈ গৈছে।
কিন্তু ৩০ জুলাই পাৰ নোহোৱাকৈয়ে চাৰি হাজাৰ টকাৰ বিনিময়ত তাৰিখ বিভ্ৰান্তিৰে প্ৰদান কৰা হয় এই স্বীকৃতি পত্ৰ।
প্ৰশ্ন হয়, কি চলিছে অসম সাহিত্য সভাত ? কেনেদৰে জাতীয় অনুষ্ঠানটোক নেতৃত্ব প্ৰদান কৰিছে ধ্ৰুৱজ্যোতি বৰা আৰু পৰমানন্দ ৰাজবংশীয়ে তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে৷