21
Jan
2019

কৰাচীঃ বাটৰ কাষত ৰখাই থোৱা মটৰচাইকেলবোৰ এখনৰ পাছত এখনকৈ অৰ্থহীনভাৱে হেঁচা দি গৈছে ছলমান খানে। হয়, বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ কথাই কোৱা হৈছে। কৰাচীৰ এখন স্থানীয় বজাৰত দেখা গ’ল সাইলাখ ছলমান খানক।
ভিডিঅ’ শ্বেয়াৰিং এপ 'টিক টক’ত প্ৰথম প্ৰচাৰ হোৱা এটা চুটি ভিডিঅ’ত দেখা গ’ল ছুপাৰষ্টাৰ ছলমানৰ দৰে সাইলাখ একে এজন লোকক। পাকিস্তানৰ বন্দৰ মহানগৰৰ এই দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। ভিডিঅ’টো শ্বুটিঙৰ সময়ত এজন লোকে কোৱা শুনা গ’ল, 'বল্টন বজাৰত ছলমান খান’।
হাত দীঘল টি-চাৰ্ট, চকুত ছান গ্লাছ পিন্ধা এই লোকজন দেখিবলৈ ছলমান খানৰ দৰে হোৱাত ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
মানুহজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। ইফালে অভিনেতাজন 'ভাৰত’ নামৰ ছবিখনৰ শ্বুটিঙৰ বাবে মুম্বাইত ব্যস্ত আছে।
ভিডিঅ'টো চাওকঃ