
লংকাঃ সংখ্যালঘু দৰদী ৰাজনৈতিক দল, মন্ত্ৰী-বিধায়ক ৰাজ্যত বহু আছে। তেওঁলোকে সংখ্যালঘুৰ উন্নয়নৰ বাবে নিৰ্বাচনৰ সময়ত বৰ বৰ কথা কয় যদিও মন্ত্ৰী-বিধায়ক হোৱাৰ পাছত সংখ্যালঘুক বুঢ়া আঙুলি দেখুৱায়। সংখ্যালঘুৰ বাবে মিছাতে ঘৰিয়ালৰ চকুপানী মচি সংখ্যালঘু এলেকাত এটুপি বিশুদ্ধ খোৱাপানীও যোগান ধৰিবলৈ সক্ষম নহয় তেওঁলোকে৷
এনে অঞ্চলসমূহত স্বাস্থ্য, শিক্ষা, যাতায়াত, কৃষি খণ্ডৰ উন্নয়নো সূদুৰ পৰাহত৷ সংখ্যালঘুৰ উন্নয়নৰ বাবে চৰকাৰে কোটি কোটি টকা খৰছ কৰে যদিও সেই টকাৰে উন্নয়নৰ নামত কেইজন মান লোক ধনী হয়৷ তাৰ মাজতে সংখ্যালঘু এলেকাৰ এখন বিদ্যালয়ে উদঙাইছে চৰকাৰ তথা সংখ্যা লঘু দৰদী ৰাজনৈতিক দল, মন্ত্ৰী-বিধায়কৰ স্বৰূপ৷ এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে বৰষুণ দিলে শ্ৰেণী কোঠা এৰি ঘৰলৈ লৰ দিব লগা হয়৷
শ্ৰেণী কোঠাৰ ভিতৰৰ পৰা আকাশ দেখা পোৱা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে বৰষুণৰ বতৰত বোকাৰ বাবে পাঠগ্ৰহণ কৰিব নোৱাৰে৷ হোজাই জিলাৰ লংকাৰ তিনিআলিত আছে এই খন বিদ্যালয়৷ বিদ্যালয়খনৰ নাম হৈছে মৌলানা আব্দুল হান্নান খান হাইস্কুল৷ বিদ্যালয়ৰ শ্ৰেণী কোঠাসমূহৰ তথৈবচ অৱস্থাই উদঙাই দিয়ে শিক্ষা বিভাগৰ স্বৰূপটো।
প্ৰতিটো শ্ৰেণী কোঠাৰ টিনপাততে ডাঙৰ ডাঙৰ ফুটা। যাৰ ফলত এজাক বৰষুণ দিলেই বিলাই-বিপত্তি নোহোৱা হয় ছাত্ৰ-ছাত্ৰীসকলৰ। আকাশ গোমা কৰিলেই বৰষুণৰ টোপালৰ ভয়ত কিতাপ সামৰি ঘৰমুৱা হয় ছাত্ৰ-ছাত্ৰীসকলে। বিদ্যালয়খনত বিজ্ঞান বিষয়ত দুগৰাকী শিক্ষক আছে যদিও ইয়াৰে এগৰাকী শিক্ষক এন আৰ চিৰ কামত নিয়োজিত হৈ থকাত বিজ্ঞান বিষয়ৰ পাঠদানৰ পৰাও বঞ্চিত হ'ব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে।
বৰষুণ দিলে শ্ৰেণী কোঠা বোকাময় হৈ পৰাৰ বিপৰীতে আকৌ গৰমত ফেনৰ অভাৱত যমৰ-যাতনা ভূগিব লগা হয় ছাত্ৰ-ছাত্ৰীয়ে। প্ৰায় ১৯ লাখ টকা ব্যয় সাপেক্ষে এবছৰৰ পূৰ্বে এটি বিদ্যালয় গৃহ নিৰ্মাণ কৰিছিল যদিও বিষয়াৰ চকুত ধুলি মাৰি ঠিকাদাৰে নিম্ন মানদণ্ডৰ কাম কৰাৰ ফলত দেৱালত ফাট মেলাৰ লগতে জহি খহি যোৱাৰ উপক্ৰম হৈছে৷
বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ অমনোযোগিতাৰ বাবেই নৱ নিৰ্মিত শ্ৰেণী কোঠা এৰি ছাত্ৰ-ছাত্ৰীয়ে জৰাজীৰ্ণ শ্ৰেণী কোঠাত শিক্ষা ল'ব লগা হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷ শিক্ষাখণ্ডৰ সংস্কাৰ সাধন কৰিবলৈ চেষ্টা অব্যাহত ৰখা শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ এশ এবুৰি সমস্যাক গুৰুত্ব আৰোপ কৰিবনে বুলি প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলবাসীয়ে।