Image for Representation
Image for Representation

বোকাজানঃ বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত জাৰ টকবী গাঁৱৰ বাসিন্দা সুব্ৰত মাইটিৰ বাসগৃহৰ পৰা কালি নিশা চোৰে এখন স্কুটি চুৰি কৰি নিয়ে৷

ঘটনাৰ বিৱৰণী  অনুসৰি সুব্ৰত মাইটিৰ পত্নী ঊষা শৰ্মাই নিজৰ নামত থকা এ এছ-০৯ ই-৩০৮০ নম্বৰৰ ৰঙা ৰঙৰ এক্টিভাখন প্ৰতিদিনৰ দৰেই নিজ কৰ্মৰ পৰা দিনৰ ১১ বজাত আহি ঘৰৰ ভিতৰত তলা লগাই ৰাখে ৷

ঊষা শৰ্মাৰ ভাষ্য অনুসৰি নিশা ডেৰ মান বজালৈকে স্কুটিখন যথা স্থানত আছিল যদিও পুৱা ৪:৩০ মান বজাত শোৱাপাটিৰ পৰা উঠি স্কুটিখন যথা স্থানত প্ৰত্যক্ষ নকৰাত বাসগৃহৰ চাৰিওফালে বিচাৰ-খোচাৰ কৰে যদিও স্কুটিখন নোপোৱাত চুৰি হয় বুলি জানিব পাৰে৷

উল্লেখ্য যে উক্ত স্কুটি চুৰি সন্দৰ্ভত ঊষা শৰ্মাৰ স্বামী সুব্ৰত মাইটিয়ে খটখটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে স্কুটিখনৰ কোনো শুং-সূত্ৰ উলিয়াব পৰা নাই ৷