
শিলচৰঃ শিলচৰস্থিত অসম চিকিৎসা মহাবিদ্যালয় চৌহদত সোমবাৰে নিশা দুটা ফৈদৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। এই সংঘৰ্ষত বাবুল দাস নামৰ এজন ব্যৱসায়ীয়ে প্ৰাণ হেৰুৱায়।
জানিব পৰা মতে, বাবুল নামৰ সত্তৰোৰ্ধৰ লোকজনৰ মিঠাইৰ দোকানৰ পৰা ১ লাখ টকাৰ গুণ্ডাটেক্স দাবী কৰিছিল ইমামউদ্দিন লস্কৰ নামৰ এজন লোকে। ধন দাবী কৰাতে ক্ষান্ত নাথাকি সন্ধিয়া কেবাজনো যুৱকক লগত লৈ বাবুল দাসৰ দোকানত উপস্থিত হৈ আক্ৰমণ চলায় ইমামে।
বাবুলৰ পুত্ৰ মুন্না আৰু ভাতৃ পাৰুলে প্ৰতি আক্ৰমণ কৰাত ইমামো কিছু পৰিমাণে আহত হয়। ইফালে ইমাম বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা বাবুলক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও কিছু সময় পিছতে তেওঁৰ মৃত্যু হয়।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও একাধিক দাবী-ধমিক আৰু আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত আছিল ইমাম। ঘটনা সন্দৰ্ভত দুই ফৈদৰ মুঠ ৫ জনক গ্ৰেপ্তাৰ কৰিছে স্থানীয় আৰক্ষীয়ে। ঘটনাস্থলীত স্থানীয় বিধায়ক আমিনুল হক লস্কৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ সকলো পক্ষকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।