শিৱসাগৰঃ শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত ঐতিহাসিক শিৱসাগৰ মহাবিদ্যালয়ত আৰম্ভ হ’ব স্নাতকোত্তৰ পাঠ্যক্ৰম৷

বিগত বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰাৰ পাছত শিৱসাগৰ মহাবিদ্যালয়ত চলিত বৰ্ষৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগৰো আৰম্ভণি হ’ব।

মহাবিদ্যালয় কৰ্তৃপক্ষৰ আবেদনৰ ভিত্তিত যোৱা ২১ জুলাইত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদে শিৱসাগৰ কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগক চলিত বৰ্ষৰ পৰাই স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰে।

অনুমতি লাভ কৰাৰ পিছতেই মহাবিদ্যালয় কৰ্তৃপক্ষই অধ্যক্ষ ড০ প্ৰফুল্ল চন্দ্ৰ কলিতাক সভাপতি হিচাপে লৈ ১৩ জনীয়া এখন সমিতি গঠন কৰে৷ অহা ১৬ আগষ্টৰ পৰা শ্ৰেণীসমূহ আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে।

অহা ১ আগষ্টৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰ-পত্ৰ বিতৰণ কৰিব আৰু প্ৰ-পত্ৰ জমা দিয়া অন্তিম সময়সীমা অহা ৮ আগষ্ট ধাৰ্য কৰা হৈছে।