লংকাঃ এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে হোজাই জিলাৰ লামডিং চহৰ। প্ৰাপ্ত বাতৰি মতে, চহৰখনৰ ঝুলনপুলত পুত্ৰই ডিঙি চেপি অতি নৃশংস ভাৱে হত্যা কৰে পিতৃক।

ঝুলনপুলৰ শিৱ পথৰ নিৱাসী ৰবি দে (৮৫)ই নিজ পুত্ৰৰ কু-কৰ্ম তথা অত্যাচাৰত অতিষ্ঠ হৈ পত্নী আৰু কন্যাৰ সৈতে ভাৰাঘৰত দীৰ্ঘ দিন ধৰি বসবাস কৰি আহিছিল। অভিযোগ অনুসৰি, একমাত্ৰ পুত্ৰ চন্দন দেই বৃদ্ধ পিতৃৰ সৈতে পাৰিবাৰিক কথাক লৈ বিভিন্ন সময়ত তৰ্কা-তৰ্কিত লিপ্ত হোৱাৰ উপৰিও মাৰ-ধৰো কৰি আহিছিল।

শুকুৰবাৰৰ নিশা বৃদ্ধ পিতৃৰ ওপৰত কৰা অত্যাচাৰৰ সীমা চেৰাই যায়। প্ৰথমাৱস্থাত তৰ্কা-তৰ্কিত লিপ্ত হোৱা চন্দনে এটা সময়ত হিতাহিত জ্ঞান হেৰুৱাই নিজ পিতৃক ডিঙি চেপি হত্যা কৰে। স্থানীয় লোকে এই সমগ্ৰ হত্যাকাণ্ডৰ উমান পাইছিল যদিও আগবাঢ়ি আহিব পৰা নাছিল চন্দনৰ ভয়ত। 

কিয়নো ইয়াৰ পূৰ্বেও কাজিয়াত বাধা দিবলৈ আহা স্থানীয় লোকক চোকা অস্ত্ৰ দেখুৱাই হত্যাৰ ভাবুকি দিছিল চন্দনে। পিছত আজি পুৱা সমগ্ৰ হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাত স্থানীয় লোকে হত্যাকাৰী পুত্ৰক আটক কৰি লপা-থপা দি লামডিং আৰক্ষীক গটাই দিয়ে। সম্প্ৰতি পিতৃহন্তা চন্দনক আৰক্ষীয়ে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে।