লালুক/ফিল’বাৰীঃ বানৰ কবলত পৰি হাহাকাৰ কৰি থকা উজনি অসমত দেওবাৰে নিশা তাণ্ডৱ সৃষ্টি কৰিলে প্ৰৱল ধুমুহাই৷ লখিমপুৰ আৰু তিনিটুকীয়া জিলাৰ বিভিন্ন ঠাইত নিশা হঠাৎ অহা  ধুমুহাই ঘৰ-দুৱাৰৰ লগতে বহু গছ-গছনি ভাঙি বিস্তৰ ক্ষতি সাধন কৰে৷

প্ৰায় এঘণ্টা ধৰি হোৱা ধুমুহা-বৰষুণৰ ফলত মথাউৰি আদিত আশ্ৰয় লৈ থকা বানাক্ৰান্তসকলে নিশা উজাগৰে কটাব লগীয়াত পৰে৷ লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱত সৰ্বস্বান্ত হৈ থকাৰ সময়তে ধুমুহাৰ তাণ্ডৱে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷

ধুমুহাৰ ফলত কোনো লোকৰ প্ৰাণ হানি হোৱাৰ বাতৰি পোৱা হোৱা নাই যদিও শতাধিক ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি হয়৷

ইফালে বানাক্ৰান্ত লোকে অস্থায়ী ভাবে সাজি লোৱা ত্ৰিপালৰ গৃহ সমুহ বতাহে উৰুৱাই নিয়াত পৰিয়ালসমূহৰ মাজত হাহাকাৰ লাগে৷

আনহাতে ডুমডুমাতো ধুমুহাত বিস্তৰ ক্ষতিসাধন হয়। পুৱতি নিশা প্ৰচণ্ড ধুমুহা বৰষুণে ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কৰ্দৈগুৰি, বিছাকুপি, গটং, বিষ্ণুপুৰ, কেৰাণী, বাঘজান ইত্যাদি অঞ্চলৰ  বিস্তৰ ক্ষতিসাধন কৰে। অঞ্চলটোত বহু ঘৰ দূৱাৰ, অনুষ্ঠান প্ৰতিষ্ঠানৰ গৃহ ভাঙি পেলোৱাৰ লগতে অসংখ্য গছ-গছনি ভাঙি পেলায়৷