Favim.com
Favim.com

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ বৰহোলাত এগৰাকী ছাত্ৰই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি পুৱা নিজ বাসগৃহৰ ঢেকীশাঁলত বিচনা চাদৰেৰে চিপ লৈ থকা অৱস্থাত ছাত্ৰজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে৷

লগে লগে গাঁওখনত হুৱা দুৱা লাগে৷ পিছত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই৷ ছাত্ৰজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷ 

উল্লেখ্য যে, গুৱাহাটীত অধ্যয়নৰত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰ অবিনাশ দাস অসম আৰক্ষীৰ অনাতাঁৰ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ভদ্ৰ দাসৰ কনিষ্ঠ পুত্ৰ৷