তেজপুৰঃ তেজপুৰৰ বালিপুখুৰী নাগৰিক সমাজে আজি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক আজি সম্বর্ধনা জনায়।

বালিপুখুৰী নাগৰিক সমাজৰ সভাপতি কুলেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত বিশিষ্ট শিক্ষাবিদ যোগেশ কেওট, ৰামেশ্বৰ মহন্ত, পূৰ্ণ বৰা আৰু ভূৱন গোস্বামী উপস্থিত থাকে।

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ১৭ গৰাকী ছাত্ৰ-ছাত্ৰীক গামোছা, মান-পত্ৰ আদিৰে সম্বর্ধনা জনায়। সভাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক সহিতে কেইবাশতাধিক লোক উপস্থিত থাকে৷