
ডিজিটেল ডেস্কঃ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক পদচ্যুত কৰাৰ বৃহৎ প্ৰস্তুতি চলিছে দেশৰ বিৰোধী ৰাজনৈতিক শিবিৰত। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তুতি চলাইছে দেশৰ বিৰোধী দলসমূহে। বিৰোধী দলৰ ভালেকেইজন সাংসদে ইতিমধ্যে ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে উত্থাপিত হ’বলগীয়া মহাভিযোগৰ পত্ৰত স্বাক্ষৰ প্ৰদান কৰিছে।
উল্লেখ্য যে ৫০ গৰাকী সাংসদে মহাভিযোগ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিলে সেয়া ৰাজ্যসভাত উত্থাপন কৰিবপৰা যাব। আকৌ লোকসভাত উত্থাপন কৰিবলৈ অতিকমেও ১০০ গৰাকীৰ স্বাক্ষৰৰ প্ৰয়োজন হয়। বৃহস্পতিবাৰে ৰাজ্যসভাত এই মহাভিযোগ উত্থাপিত হোৱাৰ সম্ভাৱনা আছে। ন্যায়াধীশৰ পদবীৰ ক্ষমতাৰ অপপ্ৰয়োগৰ অভিযোগ উত্থাপিত হৈছে মুখ্য ন্যায়াধীশ মিশ্ৰাৰ বিৰুদ্ধে।
দৰাচলতে ৰাজনৈতিক যোগসূত্ৰ থকা কেতবোৰ গোচৰ উদ্দেশ্যপ্ৰণোদিতভাৱে মুখ্য ন্যায়াধীশগৰাকীৰ পচন্দৰ ন্যায়াধীশক দিয়াৰ অভিযোগ উত্থাপিত হৈছিল মিশ্ৰাৰ বিৰুদ্ধে। কংগ্ৰেছ দলটোৱে বুধবাৰে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও এইক্ষেত্ৰত স্বাক্ষৰ কৰা-নকৰাক লৈ দলটোৰ মাজতে দুটা ভাগ হোৱা দেখা গৈছে।
এই প্ৰস্তাৱক গুৰুত্বসহকাৰে লৈছে দেশৰ বামপন্থী ৰাজনৈতিক দলসমূহে। ইফালে দুগৰাকী এনচিপি সদস্যই প্ৰস্তাৱটোক সঁহাৰি জনাই স্বাক্ষৰ কৰিছে। কংগ্ৰেছৰ লগতে অইন দলসমূহে আলোচনাৰ মাধ্যমেৰে বিষয়টোত একমতত আহিবলৈ আহ্বান জনাইছে তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা মমতা বেনাৰ্জীয়ে।
তাৎপৰ্যপূৰ্ণ যে এই সন্দৰ্ভত মমতাক মঙলবাৰে সাক্ষাত কৰিছে জ্যেষ্ঠ অধিবক্তা প্রশান্ত প্ৰশান্ত ভুষণে। উল্লেখ্য যে ২০১৮ বৰ্ষৰ জানুৱাৰী মাহত চাৰিগৰাকী জ্যেষ্ঠ ন্যয়াধীশে সংবাদমেলযোগে গণতন্ত্ৰৰ সবাতোকৈ বিশ্বাসযোগ্য অংগস্বৰূপ বিবেচিত হৈ অহা সৰ্বোচ্চ ন্যায়ালয়খনৰ ভিতৰচ’ৰাৰ বিষয়ে কেতবোৰ গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল। সেই সূত্ৰেই কংগ্ৰেছ দলটোৱে মহাভিযোগৰ প্ৰক্ৰিয়া আৰম্ভ কৰে বুধবাৰে।