15
Oct
2017

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ সৌজন্যত স্থানীয় তৰণী মিনি ষ্টেডিয়ামত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজিৰ অন্তিমখন কোৱাৰ্টাৰ ফাইনেল খেলত জাপিয়া ভাই ভাই ক্লাৱক ৪-১ গলত পৰাস্ত কৰি ঘৰুৱা দলটোৱে ছেমিফাইনেলত প্ৰৱেশ কৰে।
বিজয়ী দলটোৰ হৈ বিশ্ব কলিতাই তিনিটা কৈ গ'ল দি হেট্ৰিক অৰ্জন কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী আনোৱাৰ হুছেইন, কামেশ্বৰ মেধী আৰু চহিদুল আলমে।
আনহাতে সোমবাৰৰ প্ৰথমখন চেমি ফাইনেলত কেতেকীবাৰী জ্ঞানদা সংঘই চামতা মিলন জ্যোতি সংঘৰ বিপৰীতে অৱতীৰ্ণ হ’ব।