ৰহাঃ মৃত্যু আহে সংগোপনে৷ কোনে জানে কাৰ মৃত্যু কেতিয়া ক‘ত কেনেকৈ হয়৷ প্ৰতিদিনে মৃত্যুৰ দিশে মানুহ হেনো আগুৱাই গৈ থাকে৷ কিন্তু তাৰ মাজতো কোনোবাটো মৃত্যুৰ খবৰ সহজে ল'ব নোৱাৰি৷

কোনো বেমাৰ-আজাৰ নোহোৱাকৈ হঠাৎ কোনোবা এজন লোকৰ মৃত্যু হ'লে পৰিয়াল, ওচৰ-চুবুৰীয়া তথা একো একোটা অঞ্চল শোক সাগৰত ডুব যায়৷ নগাঁও জিলাৰ ৰহাৰ পহুপুৰিত এগৰাকী শিক্ষৰ মৃত্যুকো সহজভাৱে ল'ব পৰা নাই ৰাইজে৷

পহুপুৰি অঞ্চলৰ সকলোৱে মাষ্টৰ বুলি সম্বোধন কৰা কুশল কুমাৰ নাথ নামৰ শিক্ষকগৰাকীয়ে কৰুণ মৃত্যুক আকোৱালি লয়। দিনৰ দিনটো ইফালে-সিফালে ঘূৰি ঘৰৰ কাম বন কৰি হাঁহি-স্ফুৰ্তিৰে নিশাৰ ভাত সাজ খাই তামোলে এখন মুখত ভৰাই চোবাবলৈ ধৰে শিক্ষকগৰাকীয়ে৷

⇒পঢ়িব পাৰে এই বাতৰিটোঃ

মাতৃ হোৱাৰ দিশে ১০ বছৰীয়া বালিকা, আদালতত বিচাৰ

তামোল চোবাই থাকোতেই ডিঙিত গাঠি মাৰি ধৰে শিক্ষক কুশল কুমাৰ নাথৰ৷ বুকুত ধৰাৰ পাছতে মাত দিব নোৱাৰা হয় শিক্ষকজনে। তাৰ কিছু সময় পাছতে শিক্ষকজনৰ মৃত্যু হয়৷

ৰহাৰ প্ৰমিলাৰ শংকৰদেৱ বিদ্যালয়ৰ সংস্কৃতৰ শিক্ষক কুশল নাথৰ এনে মৃত্যুৰ খবৰে শোকবিহ্বল কৰি তুলিছে অঞ্চলটোক৷