নগাঁওঃ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁৱতো ৰাজ্যৰ সংযোগী শিক্ষাকৰ্মীসকলক পুনৰ নিযুক্তিৰ দাবীত আজি তীব্ৰ প্ৰতিবাদী সাব্যস্ত কৰে৷

সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত তথা সদৌ অসম কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু সদৌ অসম অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সহযোগত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে সমদল আৰু ধৰ্ণা কাৰ্যসূচী পালনেৰে একপ্ৰকাৰে নগাঁও চহৰৰ পৰিবেশ উত্তাল কৰি তোলা দেখা যায়৷