22
Jul
2019

অপুৰ্ব বৰা, তেজপুৰঃ সমগ্ৰ অসমৰ লগতে তেজপুৰতো প্ৰলয়ংকাৰী বানপানীয়ে কাল ৰূপ ধাৰণ কৰে। এনে বানপানীৰ আক্রান্তত পৰি বহুতো পৰিয়ালে পানীৰ মাজতে হাঁহ নচৰা অৱস্থাত ভুগিব লগা হৈছে আৰু বহুতো পৰিয়ালে ঘৰবাৰী এৰি ওখ ঠাইত বা স্কুল, কলেজ, চিকিৎসালয়, অফিচ কাৰ্যালয়ত আশ্ৰয় ল’বলগীয়া হৈছে।
উল্লেখযোগ্য যে, বানাক্রান্ত পৰিয়ালৰ সকাহ দিয়াৰ বাবে দেওবাৰে তেজপুৰৰ সদৌ অসম কবি সন্মিলনৰ শোনিতপুৰ জিলা সমিতিয় বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতি বুজ লয় আৰু বানাক্রান্ত আশ্ৰয় শিবিৰত থকা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ।