দলংঘাটঃ অকৰ্মণ্য বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে ইতিমধ্যে ৰাজ্যত প্ৰায় ৪১ গৰাকী লোকৰ মৃত্যু হৈছে৷ বিদ্যুৎ বিভাগ তথা বিদ্যুতৰ তাৰ বুলি ক'লেই এতিয়া মানুহ আতংকিত হৈ পৰে৷

দৰং জিলাৰ দেওমৰনৈ বাঘৰবাৰীত আজি এঘৰ লোকৰ ঘৰৰ সন্মুখত বিদ্যুৎ পৰিবাহী তাৰ ছিঙি পৰাত আতংকিত হৈ পৰে ৰাইজ৷ গাঁওখনৰ কনক শৰ্মা নামৰ লোকজনৰ ঘৰৰ সন্মুখত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰাৰ পাছতে হুৱা-দুৱা লাগে।

অতি নিম্ন মানৰ তাৰ ব্যৱহাৰ কৰাৰ বাবেই তাৰ ছিঙি পৰা বুলি স্থানীয় ৰাইজে দাবী কৰিছে। বিগত কেইটামান দিনৰ ভিতৰত বাঘৰবাৰী গাঁৱত ৭ বাৰকৈ বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰা বুলি অভিযোগ কৰে ৰাইজে।

এই বিষয়ে বিদ্যুৎ বিভাগক অৱগত কৰি আহিছে যদিও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।