লংকাঃ আপোনাৰ এলেকাত বিদ্যুৎ বিভাগৰ তাঁৰ, খুঁটা, ট্ৰেন্সফৰ্মাৰ আদিৰ কিবা কৰিলগীয়া কাম আছে নেকিয যদি আছে টকা হাতত মজুত ৰাখক। বিদ্যুৎ বিভাগৰ লোকে আপোনাক কাম কৰি দিব টকা লৈ৷ হয়, এই কথা আমাৰ নহয়৷ এই কথা ব্যক্ত কৰিছে হোজাই জিলাৰ লংকাৰ ৮নং মাজ উদালী অঞ্চলৰ লোকে৷

কিয়নো অঞ্চলটোৰ লোকে কিছু কাম কৰি দিবলৈ বিদ্যুৎ বিভাগক অনুৰোধ কৰিছিল৷ তাৰ বিনিময়ত বিদ্যুৎ বিভাগৰ লোকে বিছাৰিছিল ৪৮,৪৯৭ টকা৷ ৰাজ্যবাসীয়ে এতিয়া উগ্ৰপন্থীক ভয় নকৰিলেও ভয় কৰে পল্লৱলোচন দাসৰ বিদ্যুৎ বিভাগক৷ দায়িত্বজ্ঞানহীন পল্লৱলোচন দাসৰ বিদ্যুৎ বিভাগে ৰাজ্যৰ চুকে-কোণে মানুহৰ প্ৰাণ লৈছে৷

বিদ্যুতৰ তাৰ এতিয়া পকী খুঁটাত থাকিবলৈ এৰি মাটি, পানী, জংঘলত পৰি থাকে৷ মাটি, পানী, জংঘলত পৰি থকা তাঁৰে বাটৰুৱা, ছাত্ৰী, কিশোৰ সহিতে প্ৰায় ৫০ গৰাকী লোকৰ প্ৰাণ লৈছে বিভাগটোৱে৷

তাৰ পাছতো গা লৰিছেনে মন্ত্ৰী পল্লৱৰ নতুবা অকৰ্মণ্য বিদ্যুৎ বিভাগৰ৷ যেন শনিৰহে কোপদৃষ্টি পৰিছে এই বিভাগটোত৷ বান আৰু গৰাখহনীয়া ৰোধৰ বাবে নমামি উৎসৱ অনুষ্ঠিত কৰাৰ দৰে পূজা-পাতল কৰিলে শনিৰ কোপদৃষ্টি আতৰিব বুলিও কটুক্তি কৰে বহু লোকে৷

প্ৰতিদিনে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে মানুহৰ মৃত্যু তথা আহত হৈ অহাৰ সময়তে সম্প্ৰতি হোজাই জিলাৰ লংকাৰ ৮নং মাজ উদালী অঞ্চলৰ ৰাইজ ভয়াৱহ বিপদৰ আশংকাত শংকিত হৈ পৰিছে৷ অঞ্চলটোত পচা কাঠ তথা শুকান বাঁহত বিপদসংকুলভাৱে ২২০ ভল্টৰ বিদ্যুতৰ সৰবাৰহ কৰি আহিছে৷ বিভিন্ন স্থানত মাটিৰ পৰা বহু কম উচ্চতাৰে তাৰ নিয়াৰ ফলত ওলমি ৰৈছে তাঁৰসমূহ৷ হাত মেলিলেই চুব পাৰি উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ৷

যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে স্থানীয় লোকসকল৷ যিকোনো সময়তে ভয়াৱহ বিপদ নামি আহিব পাৰে অঞ্চলটোলৈ৷ বিভিন্ন সময়ত লংকা বৈদ্যুতিক উপ-সংমণ্ডলত বাহ-কাঠৰ খুঁটাসমূহ সলনি কৰাৰ লগতে মাটিৰ পৰা হাতেৰে চুব পৰা তাৰ সমূহৰ ব্যৱস্থা কৰিবলৈ বাৰম্বাৰ অৱগত কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই ব্যবস্থা গ্ৰহণ কৰাৰ বিপৰীতে স্থানীয় বাসিন্দাক ৪৮,৪৯৭ টকাৰ এখন খৰছৰ তালিকাহে প্ৰদান কৰে৷

এই সমস্ত খৰছ স্থানীয় ৰাইজে বহন কৰিব লাগিব বুলি কোৱাৰ অভিযোগ উত্থাপন হৈছে৷ মৰণফান্দ সদৃশ বিদ্যুতৰ তাৰঁত লাগি বিগত সময়ছোৱাত বহু লোক দুৰ্ঘটনাত পতিত হব লগীয়া হৈছে৷ এনে পৰিস্থিতিত এতিয়া বিভাগটোৰ নাভূত-নাশ্ৰুত কাণ্ডত হতবাক হৈ পৰিছে ৰাইজ। বহুতে এজনৰ পিছত এজনকৈ মানুহৰ প্ৰাণ লোৱা বিভাগটোক এতিয়া বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইছিছৰ লগতো তুলনা কৰিছে।