30
Mar
2018

ডিজিটেল ডেক্সঃ দিল্লীৰ পৰা যাত্ৰী গৈ পালেগৈ দেশৰ ভিন্ন প্ৰান্ত। কিন্তু আহি পোৱাহি নাই তেওঁলোকৰ লাগেজ। যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
বৃহস্পতিবাৰে বিয়লি দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ লাগেজ সৰবৰাহ কৰা ব্যৱস্থাটো বিকল হৈ যোৱাত দিল্লী এৰিবলগীয়া বিমানসমূহত বেগসমূহ উঠাব পৰা নহ’ল।
বিভিন্ন স্থান গৈ পোৱা যাত্ৰীসকলে নিজৰ বেগ নোপোৱাত ক্ষোভিত হৈ পৰে আৰু ছ’চিয়েল মিডিয়াত তেওঁলোকৰ উষ্মা প্ৰকাশ কৰে। বিমান বন্দৰৰ প্ৰশাসনে এই খেলিমেলিৰ ববে যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে। এজন মুখপাত্ৰই কয় যে সাপ্তাহিক ছুটিৰ বাবে বৃহস্পতিবাৰে যাত্ৰীৰ সাংঘাতিক ভিৰ হয়।
ইফালে পাৱাৰ বেংকৰ দৰে বেগৰ ভিতৰত নিবলৈ নিদিয়া সামগ্ৰী পৰীক্ষা কৰাৰ বাবে সময় লোৱাত এই সমস্যাই দেখা দিয়ে। যাত্ৰীসকলক কিছু সময় অপেক্ষা কৰিবলৈও অনুৰোধ জনাই কৰ্তৃপক্ষই।