
দলংঘাটঃ তেওঁলোকৰ বাবে বাৰিষা মানেই অভিশাপ৷ উন্মুক্ত নৈৰ পাৰৰ বাসিন্দা তেওঁলোক৷ মথাউৰি তথা সুৰক্ষা নোহোৱা নৈৰ পাৰৰ বাসিন্দা হোৱাৰ বাবেই তেওঁলোকে বাৰিষা আহিলেই বাঢ়নী পানীৰ আতংকত বিনিদ্ৰ ৰজনী কটাবলগীয়া হয়৷
দৰং জিলাৰ দিমিলা নৈৰ এটি বৃহৎ অংশ উন্মুক্ত হৈ থকাত এজাক বৰষুণতে জলমগ্ন হৈ পৰে কেইবাখনো গাঁও৷ প্ৰতিজাক বৰষুণ তেওঁলোকৰ বাবে অভিশাপ৷ বৰষুণ হ'লে বানপানী হয় আৰু বানপানীৰ পৰা তেওঁলোকে ভোগ কৰি আহিছে যমৰ যাতনা।
ইমানে নহয়, নৈ খনৰ দুয়োপাৰে বসবাস কৰি অহা লোকসকলৰ প্ৰতিবাৰে খেতি পথাৰ নষ্ট কৰি আহিছে নৈখনৰ পানীয়ে। আজি অসহায় হুছেইন চুবুৰী, পাণ্ডাঘাট, দলংঘাট, বৰপথাৰ। কাৰো আহৰি নাই তেওঁলোকক উদ্ধাৰ কৰিবলৈ৷ মাথো ধনৰ আৱন্টন দি মথাউৰিটো কটকটীয়া কৈ বান্ধিলে সমস্যাৰ সমাধান হয়৷
কিন্তু সমস্যাৰ সমাধান কৰিব কোনে৷ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে হয়তো আজিলৈ অৱগত হোৱাই নাই উন্মুক্ত নৈখনৰ বিষয়ে৷ বাৰিষা আহিলেই ভয়ত দিন কটোৱা দিমিলা নৈৰ পাৰৰ ৰাইজৰ ব্যাথাৰ কথা হয়তো স্থানীয় বিধায়কে আজিলৈ জলসম্পদ বিভাগক অৱগত কৰাই নাই৷
বাঢ়নী পানীৰ আতংক আৰু গৰাখহনীয়াৰ পৰা কেৱল ভগৱানেহে বচাব পাৰিব বুলি ক্ষোভ ব্যক্ত কৰে হুছেইন চুবুৰীৰ কেইবাগৰাকী স্থানীয় যুৱকে। স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই মাথাউৰিটো নিৰ্মাণৰ আশ্বাস দি আহিছে যদিও যোৱা ১১ বছৰে কাৰ্য্যত পৰিণত নহ'ল। ফলত বাৰিষা আহিলেই খেতি পথাৰ, পোহনীয়া জীৱ-জন্তু, খোৱা পানীৰ সমস্যাৰ সন্মুখীন হৈ আহিছে নৈখনৰ দুয়োপাৰে বসবাস কৰা লোকসকলে৷