ওদালগুৰিঃ ওদালগুৰিৰ মনপুৰত বুধবাৰে দুপৰীয়া সংঘটিত এক মটৰ দুৰ্ঘটনাত ৰাহুল থাপা নামৰ এজন যুৱক নিহত হয়। আৰক্ষী সুত্ৰে জানিব পৰা মতে ওদালগুৰি চহৰৰপৰা বিভিন্ন গ্ৰামাঞ্চললৈ চলাচল কৰা যাত্ৰীবাহী এখন ট্ৰেকাৰ কালি দুপৰীয়া খাউৰাং অভিমুখী গৈ থকা অৱস্থাত মনপুৰত এখন মটৰ চাইকেলৰ সৈতে হোৱা মুখামুখিত এনে দুৰ্ঘটনা সংঘটিত হয়৷

ফলত মটৰ চাইকেল আৰোহী ৰাহুল থাপা নামৰ যুৱক জন গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক ততাতয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও আধাবাটতে প্ৰাণ হেৰুৱাই যুৱকজনে। 

উল্লেখ্য যে, কমাৰ্চিয়েল তিনি আৰু চাৰিচকীয়া বাহনৰ লগতে দুচকীয়া বাহনৰ নিয়ন্ত্ৰনহীন দৌৰাত্মই পথচাৰীৰ বাবে ভয়ংকৰ হৈ পৰিছে৷