
কমলপুৰ/ৰঙিয়াঃ কমলপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িক তথা সংসদীয় সচিব উত্তৰা কলিতাৰ আজি গুৱাহাটীস্থিত ইণ্টাৰনেশ্যনেল হাস্পতালত মৃত্যু হয়। প্ৰাক্তন বিধায়িকাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমষ্টিটোৰ লগতে সমগ্ৰ উত্তৰ কামৰূপ অঞ্চলত শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে বিগত কেবাবছৰ ধৰি কেবাটাও জটিল ৰোগত আক্ৰান্ত হৈ আছিল নেত্ৰীগৰাকী। ২০০১ চনত প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ হৈ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।ইয়াৰ পৰৱৰ্তী নিৰ্বাচন অৰ্থাৎ ২০০৬ চনটো দ্বিতীয়বাৰৰ বাবে তেওঁক সমষ্টিবাসীয়ে জয়যুক্ত কৰে প্ৰথমবাৰৰ নিৰ্বাচনত তেওঁ সত্যব্ৰত কলিতাক আৰু দ্বিতীয়বাৰ ভাৰতীয় জনতা দলৰ যাদৱ চন্দ্ৰ ডেকাক হৰুৱাই জয়ী হয়।
♦ সাংসদ ভূৱনেশ্বৰ কলিতাৰ শোক প্ৰকাশ
♦ শোক প্ৰকাশ কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতাৰ
♦ শোক প্ৰকাশ বিজেপি নেতা যাদৱ চন্দ্ৰ ডেকাৰ
দ্বিতীয়টো কাৰ্যকালত তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনত সংসদীয় সচিব হিচাপেও দায়িত্বভাৰ লাভ কৰিছিল উত্তৰা কলিতাই। এগৰাকী জনপ্ৰিয় বিধায়িকা তথা মহিলা নেত্ৰী হিচাপে দুটা কাৰ্যকালত কমলপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামত জড়িত হৈ বিশেষ চানেকি ৰাখিবলৈ তেওঁ সমৰ্থ হৈছে।
ৰাজ্যখনৰ এগৰাকী জনপ্ৰিয় নেতা প্ৰয়াত বেণুধৰ কলিতাৰ পত্নী উত্তৰা কলিতাই সমষ্টিটোত মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াবলৈ সমৰ্থ হৈছিল। বিধায়িকা নিৰ্বাচিত হোৱাৰ পূৰ্বৰে পৰা বৃহত্তৰ কমলপুৰ অঞ্চলৰ মহিলাসকলক লগত লৈ একাধিক সজাগতা সভা আদি অনুষ্ঠিত কৰি আত্ম সহায়ক গোট গঠন কৰি স্ব-নিৰ্ভৰশীল হ’বলৈ অনুপ্ৰেৰণা যোগাইছিল।
এনে ধৰণৰ একাধিক সামাজিক কাম-কাজত জড়িত হৈ থাকি ভাল পোৱা উত্তৰা কলিতাই স্বামীৰ বিয়োগৰ পিছতে প্ৰত্যক্ষ ৰাজনীতিত ভৰি দিয়ে। প্ৰত্যক্ষ ৰাজনীতিৰ জৰিয়তেও ৰাইজৰ পৰা আদৰ বুটলিবলৈ সমৰ্থ হৈছিল নেত্ৰীগৰাকী। এনে এগৰাকী নেত্ৰীৰ বিয়োগত স্বাভাৱিকতে সমগ্ৰ ৰাজ্যৰ লগতে কমলপুৰ সমষ্টিৰ ৰাইজ মৰ্মাহত হৈ পৰিছে।
প্ৰাক্তন বিধায়িকাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই। এক শোক বাৰ্তাত তেওঁ উত্তৰা কলিতা অসমৰ এগৰাকী অত্যন্ত পৰিশ্ৰমী আৰু ৰাইজৰ দুখ উপলব্ধি কৰিব পৰা মহিলা নেত্ৰী আছিল বুলি মন্তব্য কৰে। সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক সত্যব্ৰত কলিতায়ো উত্তৰা কলিতাৰ মৃত্যুত সভাৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
তদুপৰি কমলপুৰ সমষ্টি কংগ্ৰেছ কমিটি, কমলপুৰ প্ৰেছ, ক্লাৱ, ৰঙিয়া প্ৰেছ ক্লাৱ, কমলপুৰ জনপ্ৰিয় ক্লাৱ, কমলুৰ মহিলা কংগ্ৰেছ কমিটি, কমলপুৰ উন্নয়ন সমিতি, পুঠিমাৰী বাৰোৱাৰী পূজা সমিতি, পুঠিমাৰী ৰাস সমিতি, কমলপুৰ আঞ্চলিক দুৰ্গা পূজা সমিতি, বেণুধৰ কলিতা স্মৃতি পুথিভৰাল, প্ৰাক্তন বিধায়ক তথা হাউছফেদৰ অধ্যক্ষ যাদৱ চন্দ্ৰ ডেকাকে আদি কৰি সমগ্ৰ উত্তৰ কামৰূপ অঞ্চলৰ বিভিন্ন দল-সংগঠনে জনপ্ৰিয় নেত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
মৃত্যুৰ সময়ত উত্তৰা কলিতাৰ বয়স আছিল প্ৰায় ৭০ বছৰ। তেওঁ ইহ-সংসাৰাত এজন পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ যায়।