খেৰণি: এইবাৰ কাৰ্বি পাহাৰলৈ বিয়পিল বেজী আতংক৷  সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ সফলতা অৰ্জন কৰা বিদ্যালয়সমুহত এক উছৱমুখৰ পৰিবেশ আৰু আনন্দৰ লহৰ অব্যাহত থকাৰ সময়তে আজি হঠাৎ সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিবেশ৷

আন দিনাৰ দৰে আজিও বিদ্যালয়সমুহত নিৰ্দিষ্ট সময়ত পাঠদান চলি থকাৰ সময়তে এক উৰা বাতৰিক কেন্দ্ৰ কৰি আতংকময় পৰিবেশৰ সৃষ্টি হয় ছাত্ৰ-ছাত্ৰীৰ মাজত৷ বৃহত্তৰ খেৰণি, জেংখা, ডংকামোকাম, সাতগাওঁ আদিত অৱস্থিত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সন্ত্ৰাস সৃষ্টি কৰা খবৰ লাভ কৰাৰ পাছতে কোনো শিক্ষাগুৰু অথবা কৰ্তৃপক্ষৰ কথা নমনাকৈ পাঠ গ্ৰহণ বাদ দি বিদ্যালয় এৰি পলায়ন কৰে ছাত্ৰ-ছাত্ৰীসকলে৷

ইফালে জাপানীজ এনকেফেলাইটিছ ৰোগে সমগ্র বিশ্বজুৰি আতংক সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে বিনামূলীয়াকৈ প্ৰদান কৰাৰ অভিলাষী আঁচনি গ্ৰহণ কৰি প্ৰতিষেধক হিচাপে বিদ্যালয়সমুহত ছাত্ৰ-ছাত্ৰীসকলক এই বেজী দিয়াৰ ব্যৱস্থা কৰিছে যদিও বেজী গ্ৰহণ কৰা কন্যা শিশুৱে পৰৱৰ্তী সময়ত সন্তান জন্ম দিয়া ক্ষমতা হেৰুৱাই পেলোৱা, বেজী গ্ৰহণৰ পাছত ছাত্ৰ-ছাত্ৰী মৃত্যুমুখত পৰা আদিৰ লগতে পূৱ কাৰ্বি আংলঙৰ কেইবাটাওকৈ স্থানত বেজী গ্ৰহনৰ পাছত ইতিমধ্যে ছাত্ৰৰ মৃত্যু হোৱা বুলি কোনো দুষ্ট চক্ৰই কৰা উৰা বাতৰি আৰু অপপ্ৰচাৰে ছাত্ৰ ছাত্ৰীসকলক শংকিত কৰি তুলিছে।

হঠাৎ গোপনসুত্ৰৰ তথ্য অনুসৰি খৱৰ লাভ কৰিছিল যে আজি পশ্চিম কাৰ্বি আংলঙত এই বেজী দিবলৈ আহিব চিকিৎসকৰ দল বিদ্যালয়সমুহত, সেয়ে এই দল অহাৰ পূৰ্বেই উধাতু দি পলায়ন কৰিছিল বিদ্যালয় এৰি ছাত্ৰ-ছাত্ৰীসকলে৷

আনহাতে এই উৰাবাতৰিৰ ফলতে স্বতঃস্ফৰ্তভাৱে বিদ্যালয়ৰ পাঠদান বন্ধ হৈ পৰিব পাৰে বুলি বৃহত্তৰ অঞ্চলসমুহত অৱস্থিত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱকৰ লগতে সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে এই ঘটনাৰ পাছতেই বুদ্ধিজীৱি, সচেতন মহল আদিয়ে অতিশীঘ্ৰে এই ধৰণৰ উৰাবাতৰি প্রভাৱান্বিত কৰা অঞ্চলসমূহলৈ গৈ এই পৰিস্থিতিৰ অৱসান ঘটাবলৈ দাবী জনাইছে জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক।