কামপুৰঃ নগাঁও জিলাত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ৷ জিলাখনৰ বিভিন্ন ঠাইত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীয়ে ঘৰ-দুৱাৰ, কৃষি ভূমি নষ্ট কৰাৰ লগতে মানুহৰ প্ৰাণ লৈছে৷

নগাঁও জিলাৰ কঠিয়াতলী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কাফিতলিত বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীয়ে পুনৰ সন্ত্ৰাস চলায়।

বন্যহস্তীয়ে ভাঙি চূৰমাৰ কৰে ৬ টাকৈ পৰিয়ালৰ বাসগৃহ । কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলা আৰু শিশুৰ। জানিব পৰা মতে, কাফিতলি অঞ্চলত দীৰ্ঘ দিনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই আহিছে যদিও হাতী খেদাত ব্যৰ্থ হৈছে প্ৰমীলা ৰাণীৰ বন বিভাগ।