ডিজিটেল ডেস্কঃ কাঠুৱাৰ গণ ধৰ্ষণৰ পাছত উত্তৰ প্ৰদেশৰ মুজফৰপুৰত আকৌ সংঘটিত হ’ল এক জঘন্য ধৰ্ষণ কাণ্ড। মুজফৰপুৰৰ ছিভিল লাইঞ্চ নামৰ এলেকাৰ এটা ঘৰৰ গুপ্ত কোঠালীৰ পৰা  কোনোমতে ওলাই আহি নিজৰ প্ৰাণ ৰক্ষা কৰে ২৩ বছৰীয়া এগৰাকী যুৱতীয়ে৷ 

দুজন ব্যক্তিয়ে দুমাহলৈকে এনেদৰে গুপ্ত কোঠাত বন্দী কৰি ৰাখি যুৱতীগৰাকীক ধৰ্ষণ কৰে বুলি ধৰ্ষিতাগৰাকীয়ে আৰক্ষীক বক্তব্য দিছে৷ মুজফৰপুৰৰ আৰক্ষী বিষয়া ডি কে ত্যাগীয়ে যুৱতীগৰাকীয়ে ১ ফেব্ৰুৱাৰীত থানাত গোচৰ ৰুজু কৰিবলৈ অহা বুলি জনায়৷ 

যুৱতী গৰাকীৰ আত্মীয় খুৰাক আৰু খুৰাকৰ বন্ধুয়ে লগ হৈ এই কাম কৰে বুলি থানাত ভাষ্য দিছে ধৰ্ষিতাগৰাকীয়ে৷ দুমাহ ধৰি বন্দী কৰি পশুতুল্য মানুহ কেইজনৰ পৰা নিৰ্যাতিত হ’বলগীয়া যুৱতীগৰাকীয়ে কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰি পলাই আহে৷ 

স্থানীয় আৰক্ষীয়ে ধৰ্ষণকাৰী এজনক গ্ৰেপ্তাৰ কৰে যদিও যুৱতী গৰাকীৰ খুৰাক বৰ্তমান পলাতক৷ আত্মগোপন কৰা অভিযুক্তগৰাকীক অতি শীঘ্ৰে কৰায়ত্ব কৰিব বুলি আৰক্ষীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে৷ 

আচিফাৰ পৰা আৰম্ভ কৰি উন্নাওৰ ধৰ্ষণকাণ্ডই দেশ তোলপাৰ লগোৱাৰ সময়তে উত্তৰ প্ৰদেশৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৰ্তমান আৰক্ষীয়ে অভিযুক্তৰ অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷ 

বি.দ্ৰ.- এনেধৰণৰ বাতৰি প্ৰকাশ কৰাৰ পৰা newsnextone বিৰত থাকিব বিচাৰে যদিও সম্প্ৰতি বাস্তৱ পৰিস্থিতিক আওকাণ কৰি চলাটো অনুচিত বুলি আমাৰ মনে ধৰে৷