
লংকাঃ লংকা চহৰৰ কাকী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং টঙীয়াৰ এগৰাকী বিকলাংগ বিধৱা মহিলাক বিয়া পতাৰ প্ৰলোভন দেখুৱাই প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে এজন বিবাহিত লোকৰ বিৰুদ্ধে।
উত্থাপিত অভিযোগ অনুযায়ী বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পিছত এতিয়া ৫ মাহৰ অন্তসত্বা হৈ পৰিছে মহিলাগৰাকী। কিন্তু এতিয়া এই মহিলাগৰাকীৰ এনে অৱস্থাত দায়িত্ব লবলৈ অস্বীকাৰ কৰিছে বিবাহিত লোকজনে।
যোৱা ৫ মাহ ধৰি বিয়াৰ প্ৰলোভনৰে অবৈধ ভাৱে শাৰিৰীক সম্পৰ্ক স্থাপন কৰি অহা এই লোকজন হৈছে কাকী ২ নং টঙীয়াৰ বিবাহিত দুই সন্তানৰ পিতৃ মতিবুৰ ৰহমান।
এই অবৈধ সম্পৰ্কৰ ফলত মহিলা গৰাকী ৫ মাহৰ অন্তসত্বা হোৱাত লম্পট মতিবুৰে বিয়া কৰাবলৈ অমান্তি হয়৷ অকল ইমানেই নহয়, মহিলাৰ গৰ্ভৰ সন্তানটো নষ্ট কৰাৰ বাবে ঔষধ সেৱন কৰিবলৈ হেঁচা প্ৰয়োগ কৰে৷
সেয়া কৰিবলৈ অমান্তি হোৱাত লম্পট যুৱক মতিবুৰে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা বুলি জানিবলৈ দিয়ে মহিলা গৰাকীয়ে৷
তিনি বছৰীয়া এটি পুত্ৰ সন্তানৰ মাতৃ বিধৱা এই মহিলাগৰাকীয়ে কাকী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে যদিও কাকী আৰক্ষীয়ে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।