ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ নামৰূপৰ সাংস্কৃতিক অনুষ্ঠান স্বৰগম কলা নিকেতনৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত যোৱা ২৫ জুলাইৰ পৰা বি ভি এফ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জ্যোতি-বিষ্ণু-ৰাভা গীতৰ কৰ্মশালা অনুষ্ঠিত হৈ যায়৷

সাত দিনীয়া কৰ্মশালা খনৰ সোমবাৰে সামৰণি পৰে৷ নামৰূপ সাহিত্য সভা প্ৰেক্ষাগৃহত সোমবাৰে অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান। শাওণৰ শেতেলিত জ্যোতি-বিষ্ণু সন্ধিয়া শীৰ্ষক অনুষ্ঠানেৰে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানৰ স্বৰগমৰ ছাত্র-ছাত্ৰীসকলে হোলী গীতেৰে মঞ্চ উদ্বোধন কৰে৷

শাওণৰ শেতেলিত জ্যোতি বিষ্ণু সন্ধিয়া শীৰ্ষক অনুষ্ঠানটো সঞ্চালনা কৰে বি ভি এফ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিৰণ্য হাজৰিকাই। ডিব্ৰুগড় জিলা সাংস্কৃতিক বিষয়া ডঃ পবিত্ৰ কুমাৰ পেগু আৰু স্বৰগমে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডিম্বেশ্বৰ দাসক চেলেং, শৰাই, আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়।

অনুষ্ঠানত বি ভি এফ চি এলৰ মুখ্য প্ৰশাসনিক বিষয়া প্ৰণৱ কুমাৰ ভট্টাচাৰ্য, সমলয় কবি চক্ৰৰ সভাপতি ৰূপালী মহন্ত পাটগিৰি, বি জে পি ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱা, নামৰূপ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী আৰতি শৰ্মা দেৱী, নামৰূপ নগৰ সমিতিৰ সভাপতি নিতু সোণোৱাল বুঢ়াগোহাঁই, সমন্বয় মহিলা সমিতিৰ সভাপতি বিবি মহন্ত, নামৰূপ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ গগৈকে ধৰি নামৰূপৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু ৰাভাৰ গীত পৰিৱেশন কৰি উপস্থিত লোকসকলক আপ্লুত কৰে৷ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক অসম চৰকাৰৰ তৰফৰ পৰা মান পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ২০১৬-১৭ বৰ্ষত লক্ষ্নৌ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা সংগীত বিশাৰদ সন্মান লাভ কৰা স্বৰগমৰ তিনিগৰাকী ছাত্ৰক সম্বৰ্ধনা জনায়। সামৰণি অনুষ্ঠানৰ আঁত ধৰে স্বৰগমৰ সচিব স্মৃতিৰেখা কলিতাই।