গুৱাহাটীঃ বিশ্ব যুৱ কৌশল দিৱস উপলক্ষে মৰিগাঁৱত 'চেণ্টাম'-এ পিচিবি লাৰ্নিং এণ্ড ইনফ’টেক ছলিউশ্যনৰ সহযোগত যোৱা ১৫ জুলাইত যুৱচামৰ মাজত কৌশল বিকাশৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। 

পুৱা ১০ বজাত আয়োজন কৰা সজাগতামূলক ৰেলীত জিলাখনৰ ভালেসংখ্যাক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়। তাৰ পিছে পিছে দুপৰীয়া ১২ বজাত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰতিভা চিনাক্তকৰণ আৰু বিকশিত কৰাৰ উদ্দেশ্যে আন এক কাৰ্যসূচী গ্ৰহণ কৰা হয়।

দেওবাৰে সমগ্ৰ অনুষ্ঠানটো পিচিবি ইনফ’টেকৰ প্ৰতিষ্ঠাপক তথা কাৰ্যবাহী বিষয়া প্ৰাঞ্জল কুমাৰ হাজৰিকা আৰু মৃণাল কুমাৰ হাজৰিকাৰ তত্বাৱধানত সফলতাৰে সম্পন্ন কৰা হয়। 

উল্লেখ্য যে DAY-NULM ৰ অধীনত পিচিপি লাৰ্নিং এণ্ড ইনফ’টেকত তিনিধৰণৰ কৌশল বিকাশ প্ৰগ্ৰেম ক্ৰমে এফঅ' অফিচ কাম ৰিচিপশ্যনিষ্ট, চিআৰএম ডমেষ্টিক ভইচ আৰু হাউছকিপিঙৰ প্ৰশিক্ষণ দিয়া হয়। 

এই কাৰ্যসূচীয়ে যুৱচামৰ মাজত নিবনুৱা সমস্যা দূৰ কৰাৰ লগতে মহিলাৰ সবলীকৰণতো অৰিহণা যোগাব বুলি আশা কৰিছে আয়োজকসকলে।